Wednesday, April 9, 2014

জুই

1.  


নিৰন্ন এসন্ধ্যা
জুহালৰ কাষত আই আছিল
কাষ চাপি ক'লো -
'ভোক'
উকা চড়ুটো উদঙায়
আয়ে ক'লে-
আহ আজি জুইকে খাওঁ ।
তাৰ পাছৰ পৰা
আইৰ বগা ব্লাউজটো জুই ৰঙৰ হ'ল
মোৰ সেউজীয়া কৰাৰ কচৰত্‍ ।



No comments: