Thursday, April 10, 2014

তোমাৰ বাবেই


ফাগুন হ’ব নোৱাৰিলো
তোমাৰ বাবেই এদিন বহাগ হৈ গজিম
বসন্ত হৈ ফুলিম।
তুমি সুধিব পাৰা
কিয়?
কিয়?
কিয়?
আছে অথবা থাকে
তোমাৰ ওচৰত ভালেকেইটা ঐতিহাসিক প্রশ্ন
তুমি ইতিহাসৰ ছাত্রী নাছিলা
জানো
কোনো ৰাজ পাৰিষদ নাছিলো
তাকো জানো
তথাপি তুমি মোক বিছাৰি ইতিহাস খুচৰি ফুৰা
কিমানৰ বুকুত বাজিল
মোৰ ভালপোৱাৰ বাঁহী।

চোমালিয়াৰ দিন ইয়াত আহা নাই এতিয়াও
নাগাচাকী কিতাপতহে পঢ়িছা
তথাপিও তুমি উদাৰতাৰ দুর্ভীক্ষত ভোগিছা
বয়সেৰে পাৰ হৈ আহিছা কতটা বহাগ
তথাপিও ইমান ৰুক্ষতা ।

ফুল ফুলা দেখিছানে কেতিয়াবা
কান্দিছানে বৰষুণ দেখি
অথবা জ্বলি জ্বলি শেষ হোৱা মাটিৰ পট্টাৰ সপোন দেখি।
ইমান নিলিপ্ততা তোমাৰ চকুত
এটা শামুকৰ দৰে সোমাই যোৱা নিজৰ মাজলৈ নিজে ।

তুমি কি নেদেখা
তেজত তেজ বমি কৰা শিশু
চেচা কোলাৰ মাতৃ
শৰাইঘাটেৰে জপিয়াই দিয়া উপায়হীন আসহায় পিতৃ ।
অথবা তিয়হৰ জালি হেন স্তন এটা চিকুটি
খেদ কৰি উঠা সদ্যোজাতৰ আকুতি ।
এক পুতলা জীৱন তোমাৰ ।

ফাগুনৰ বতাহজাকে সিদিনা জোকাওতে
সুৰসুৰাই উঠা নাছিলনে
এটা বাহীৰ মাত
এটা বিহু নাম
চেনাই অ’
চেনাই অ’
বাঁহী বাঁহী
বুকু বিষায় ।
বিষায়নে ?
বিষায়নে ?
ওঁহো,
তুমি নাজানা
সেইয়াই যে ভালপোৱা আছিল।

বাহনি তলিত আইতা জ্বলি জ্বলি শেষ হোৱাৰ দিনা
তুমি তোমাৰ নঙলামুখত ৰৈ
মই গছৰ পাত সৰুৱাই কন্দা চাই আছিলা
একেই আছিল চকু
উদাস
নির্লিপ্ত
নিৰস ।

আজি আচৰিত কৰি সুধিলা
বহাগ কি ?
বহাগ কি ?
এখন ৰঙা ৰুমাল
এজাক বৰষুণ
এটা নতুন ছোলা
এটা নতুন গছৰ পাত
তোমালৈ বুলি এখন নতুন হাত
এটা নতুন শপত
ফাগুন হ’ব নোৱাৰিলো
তোমাৰ বাবেই এদিন বহাগ হৈ গজিম
বসন্ত হৈ ফুলিম
তোমাৰ বাবেই
কথা দিলো ।

No comments: