Friday, December 19, 2014

ভুল নুবুজিব আমি হোজা মানুহ



আপোনাৰ ওচৰ পালে
ভুল হোৱাৰ ভয়তে
হর্থাতে আমি ভুল কৰি পেলাওঁ
বহু কথাই আমি নাজানো।
দুখ মানে
সুখী হোৱাৰ আখৰা
আৰু সুখ মানে
দুখলৈ ভয় কৰা ।
দুখী হ'লেই ঈশ্বৰ কণা
সুখত জিলিকে গোঁসাই থাপনা
ভালৰ দিনত অমাৰ ইয়াত বিহু পাতে
লখিমী মাতে
সকলোৱে একেলগে নাচে ।
ভুল নুবুজিব
লাজ বুলিলে ইয়াত
মোৰ আইয়ে
ভৰিৰ সৰু গাঠি ঢাকে।
ভনীৰ বুকুৰ গামোচাত
যুগ যোৰা শ্লীলতা ।
ভালপোৱা বুলি
কোনো দুৱাৰত দাং মাৰি
সংঞ্জা বদলোৱা নহয় ।
ভাল পাওঁ বুলিলে ইয়াত
হাজাৰটা বাঁহী বাজে
ওৰে ৰাতি থৌকি বাথৌ মন একোটা
আৰু নঙলাত এষাৰ মাতৰ বাবে ৰৈ থকা কানবোৰত
কতজনী কেতেকীয়ে বিনাই
হাতীখোজীয়া বাতিত ঢাকি থোৱা
পকা জলপান এবাতি
কিমানবাৰ উদঙায় চাই ।
আমি হোজা মানুহ
পিতাইৰ লেঙুটিত
সাতামপুৰুষীয়া শাওনৰ দাগ
চকুৰ ওপৰে তলে
ভোক আৰু পথাৰৰ ভাস্কয্য
চহকী পিতাই সান্তনা আৰু পথাৰেৰে
কত পথাৰ
শুকান
সেউজীয়া
বোকাদিয়া
বটা পৰা
সোনালী
চেনেহ ভৰা পথাৰ ।
ঠিক আইৰ দৰে
যিদিনা চৰু জ্বলে
নাখাইয়ো এমুঠি দিয়ে ।
ঘাম সৰাবলৈ নাপালে
মোৰ পিতায়ে ভাত নাপায়
আমিও
নপানীৰ মাছৰ দৰে উজায় অহা
এজাক সমাজিক লৈ হোজা মানুহ ।
এচিচা কেৰাচিনৰ বাবেই
আমাৰ ভালে ৰাতি আন্ধাৰ
কেতিয়াবা কোনোবাই কয়
আপোনাৰ চহৰত বোলে
তেলত তিতি মানুহ জ্বলে
ঘৰ জ্বলে
মটৰ গাড়ী জ্বলে
শিশু মাতৃ আৰু ভ্ৰুণ জ্বলে
যৌৱনেৰে যৌৱন আৰু বার্ধক্য জ্বলে
আনকি হিংসাত সেন্দুৰ আৰু সেওঁতাও জ্বলে
মাঘৰ বিহুত
আমাৰ ইয়াতো জ্বলে
মানুহ নহয়
মেজি আৰু ভোক
ভেলাঘৰত মষিমুৰ হয় অপ্ৰীতি
বুকুৰ পৰা বুকুলৈ চেনেহৰ চেনেহ বিয়পে
কেঁচা পকা নমনা জুইত জাহ যায়
দুখ আৰু হিংসা
গজি উঠে
বহাগ বুলি এক নতুন আশা ।
হোজা মানুহৰ সেউজীয়া আশা ।
বোকাত লুটুৰি পুটুৰি হয়
নাঙল বোৰ
কলাফুল আৰু বাহুবোৰ
বাঢ়নী পানীত
এজাক সেউজীয়া সপোন আহে
এজাক সপোন ধুইয়ো নিয়ে ।
লাহে লাহে সংক্ৰমন হয়
অভাব আৰু দুখ
কাতিত আমি উত্‍সৱ পাতো
ভোকৰ উত্‍সৱ
কঙাল কঙাল কাতি
আৰু ভোকৰ উৰুঙা ৰাতিৰ উত্‍সৱ
আঘোনেই আমাৰ শেষ লক্ষ্য ।
কলেৰাত ভাই ভনী কাল হয়
এডিঙি বানপানীত আমি
পানীৰ খাবলৈ নাপাই কান্দো ।
ভুল নুবুজিব আমি হোজা মানুহ
চহৰৰ তালত আমাৰ তাল নাবাজিলেও
মৃত্যুত আমিও কান্দো
আপোনাৰ দৰেই ।
হোজা হ'লেও
বর্বৰতাত উলংগ হোৱা ভনীয়ে
চহৰত লাজ লাজ বুলি
হিয়া ঢাকুৰিলে
তেজ আমাৰো উতলে
নিৰবে সহি যোৱাৰ ভুল তেতিয়াই হয়
ভুল নুবুজিব ।


Tuesday, December 9, 2014

পকৰীৰ দোকানত ভীৰ বাঢ়িছে

পকৰীৰ দোকানত ভীৰ বাঢ়িছে
গৰম তেল এডোঙাৰ ওপৰত হাত এখন নাচি আছে
 টিপ চাকি এটাৰ পোহৰত
জলমলীয়া চকু এজাক জিলিকিছে
 শীত আহিছে
পকৰীৰ দোকানত ভীৰ বাঢ়িছে ।

ফুঃ ফাঃ কৈ কোনোবাই মুখৰ তামোল পেলাইছে
ঠিক তাৰ কাষতে এক দৰ-দাম চলিছে
এৰাতিত পোন্ধৰশ টকা চাৰ...

কমৰত হাণ্ড্ৰেড পাইপাৰচ
 দুটা ডিচপোজেবল গ্লাছ আৰু এটা পানীৰ বটল লৈ
 এটোপোলা পকৰীয়ে গাড়ীৰ দুৱাৰ জপাইছে।
পকৰীৰ দোকানত ভীৰ বাঢ়িছে
 দুটা শব্দ একেলগে ওলাইছে
 ঘৰত কি মা বেহেন নাই ...
 ঠাঁচচচ্...
গাল এখনে ৰং সলাইছে
খং এটা উফৰি আহিছে
চাই ল’ম তোক ।

আঢ়ৈ বছৰীয়া কেচুৱা এটাই
 ঠেৰেঙা লাগি কান্দিছে
ইমান জলা পকৰী তাকনো কোনে খুৱাইছে ।
 পকৰীৱালাই পকৰী ভাজিছে
এজনে হোৱাটচ এপত মোডীৰ ভাষণ শুনিছে
আঞ্চলিক পার্টীৰ দোষ উজাৰি উজাৰি পকৰীৰে মুখ ভৰাইছে
শুধিবলৈ মন যায় মোডী মানে কি ভিডিও গে’ম ?
দেশ প্ৰগতিৰ পথত ।

চেলীন ডিয়ন বাজি উঠিছে
 টেলিফোনত প্ৰেম এজাক উজাইছে ...
আছো জান ...
ইমান ঠাণ্ডা ...
পকৰি খাইছো।

দেশী মদৰ আকটা গোন্ধ এটা বিয়পিছে
বজাৰ বেয়া
দুজনী গনিকাই শীত পিন্ধিছে
পকৰী খাইছে ।

হাঁহি এজাক লৈ ওলাইছেহি
ক্লাছ টেনৰ টিউচন কৰা ছোৱালীজাক
আজি সিহঁতে ফুচকা নাখায়
 নাখায় মিছল চানা অথবা ম’ম’ ।

আইমনীলৈ পাঁচ টকাৰ পকৰী বান্ধি
দিন হাজিৰা কৰা ৰতন
 ভীৰ ফালি ঘৰমূৱা হৈছে
তাই চাগে পঢ়া টেবুলতে টোপনি গৈছে ।

গৰম পকৰীৰ লগত
ভালেকেইটা গৰম খবৰ
লক্ষীমপুৰত অনা অসমীয়াক আক্ৰমণ
 শুই থকাতে এজনক গুলীয়াই হত্যা
 দুজন জখমী
দেশ ৰক্ষাৰ ঠিকাদাৰ এজনে
বিদেশতে আটাহ পাৰে
গোটেই অসমখন তেওঁৰহে বোলে ।

পকৰীৰ দোকানত ভীৰ বাঢ়িছে
 তিনিআলিত লৰা ঢাপৰা লাগিছে
কোনোৱো কৈছে গাড়ীৰ চকা
আছলতে পকৰীৰ দোকানৰ ভীৰত বোমা এটা ফুটিছে
পকৰীৰ দৰে মানুহবোৰ চিতিকিছে
মানুহৰ দৰে পকৰী নিঠৰ
কোনে পাৰ ধৰ
পকৰীৱালাৰ হাতখন
তেল নহয়
এডোঙ্গা খাঁটি তেজত নাচি আছে
পকৰীৰ দোকানত ভীৰ বাঢ়িছে।

Wednesday, December 3, 2014

December 04, 2014 at 02:53PM

ভালপোৱা ১। তুমি বৰষুণ এজাক হৈ গৈ থাকে মই মাটি হৈ তিতো । ২। তোমাক ক'লো ফুল নহ'বা ফুল হৈয়েই হেৰালা । ৩। এতিয়া বিচাৰিলেও তোমাৰ ছাঁ নাপাওঁ ৰ'দ হৈয়ো এসাগৰ দুখত ককবকাওঁ ।

Tuesday, December 2, 2014

December 02, 2014 at 10:40PM

কবিতা.. . ১
তোমাৰ নীলা চকুত শাওণৰ ভৰ, 
ধান পাতত হাত বুলায় 
যেন পথাৰ সজোৱাৰ মন।

 ২ 
মই নিবিছৰাকৈয় ে 
ইমান জোনাক কিয় দিলা, 
জোনাক বিলাই উচুপিলে 
জোনক জানো নিচুকাবা।

Friday, April 25, 2014

যুগে যুগে তেজীমলা

যুগে যুগে তেজীমলা

দৰা হৈ বহিলে তামোলৰ পুলিটি
আবিয়ৈ ছোৱালী কোন
জবা ফুল এপাহ হাতত লৈ
তেজীমলা গাভৰু হ'ল ।
দুপাহ খৰিকাজাঁইয়ে দুপৰীয়া এটা মাতে
লাজত তেজীমলাই বুকু ঢাকে
 ৰ'দে জলেমল কৰে ঐ চেনাইধন
দেহা চিগো ভাগো কৰে...
ভৰিৰ পৰা মুৰলৈ বিজুলী বৈ যায়
তেজীমলাৰ মৰো যেন লাগে
ঢেকীয়ে খুন্দাই ভাল ।

 তিনি আলিত বতাহ এজাক বলে
তেজীমলাৰ আই নাই
পিতাকে বণিজ কৰে
উঠন বুকুৰ গামোছা উৰাই
বতাহজাকে জোকাই
কিনো চেলাপেতী জোক ঐ চকুতে
 কিনো চেলাপেতী জোক ...
তেজীমলাৰ মৰো যেন লাগে
জৰা হৈ পকাই ভাল ।

বিয়াৰ ঘৰৰ ডেকা এটাই ৰ লাগি চাই
নিগনি এটাই এফালৰ পৰা কুটি যায়
চাদৰ মেখেলা ব্লাউজ চোলা
পুলি কল হেন হাতৈ ঐ লাহৰী
পুলি কলহেন ভৰি ...
হাঁহ হৈ কোন চৰে পুখুৰীত ?
লতা হৈ বগায় যোৱাৰ
হেপাহ এটা উঠলে
তেজীমলা লাও হৈ বগায় ।
শাখিনী মাহীয়ে শতৰু শালিলে
পিতাকে এৰিলে ক'ত
গৰখীয়া লৰাই লোভহে জানিলে
মাত শুনি এৰিলে বনত
মাতৰ আপোন কোন?
ভাতৰ আপোন কোন?
লাও হৈ গাভৰু দেহা এটা জ্বলোৱা
সেই পাহুৱাল কুটুম কোন ?

কত পখিলাই মৌ শুহি খায়
কত ভোমোৰাই মন জুখি চাই
 তেজীমলা কেনি হেৰায়
কোনে মাত লগায় !

পদুম হৈ ফুলা তেজীমলাৰ
এপাহি দুপাহিকৈ বসন সৰে
হাত পাতি কোনে ধৰে ?
কোনে ধৰে
পিতাই মোৰ হেনো আই নাই
তামোলৰ চোবা দি নুজুখিবি মন
নালাগে বণিজৰ ধন
ঢেকীৰ চাবতে পালো
নিজৰ জোখাৰে এখামোচ মাটি
লুকাবলৈ চকুলো এবুকু পানী
 গুছি যা পৰ হৈ এ
নেকৈয়ে ফুল হৈ ফুলিম
সৰিম
আকৌ গজিম
যুগে যুগে থাকিম
তেজীমলা মই ।

Thursday, April 10, 2014

তোমাৰ বাবেই


ফাগুন হ’ব নোৱাৰিলো
তোমাৰ বাবেই এদিন বহাগ হৈ গজিম
বসন্ত হৈ ফুলিম।
তুমি সুধিব পাৰা
কিয়?
কিয়?
কিয়?
আছে অথবা থাকে
তোমাৰ ওচৰত ভালেকেইটা ঐতিহাসিক প্রশ্ন
তুমি ইতিহাসৰ ছাত্রী নাছিলা
জানো
কোনো ৰাজ পাৰিষদ নাছিলো
তাকো জানো
তথাপি তুমি মোক বিছাৰি ইতিহাস খুচৰি ফুৰা
কিমানৰ বুকুত বাজিল
মোৰ ভালপোৱাৰ বাঁহী।

চোমালিয়াৰ দিন ইয়াত আহা নাই এতিয়াও
নাগাচাকী কিতাপতহে পঢ়িছা
তথাপিও তুমি উদাৰতাৰ দুর্ভীক্ষত ভোগিছা
বয়সেৰে পাৰ হৈ আহিছা কতটা বহাগ
তথাপিও ইমান ৰুক্ষতা ।

ফুল ফুলা দেখিছানে কেতিয়াবা
কান্দিছানে বৰষুণ দেখি
অথবা জ্বলি জ্বলি শেষ হোৱা মাটিৰ পট্টাৰ সপোন দেখি।
ইমান নিলিপ্ততা তোমাৰ চকুত
এটা শামুকৰ দৰে সোমাই যোৱা নিজৰ মাজলৈ নিজে ।

তুমি কি নেদেখা
তেজত তেজ বমি কৰা শিশু
চেচা কোলাৰ মাতৃ
শৰাইঘাটেৰে জপিয়াই দিয়া উপায়হীন আসহায় পিতৃ ।
অথবা তিয়হৰ জালি হেন স্তন এটা চিকুটি
খেদ কৰি উঠা সদ্যোজাতৰ আকুতি ।
এক পুতলা জীৱন তোমাৰ ।

ফাগুনৰ বতাহজাকে সিদিনা জোকাওতে
সুৰসুৰাই উঠা নাছিলনে
এটা বাহীৰ মাত
এটা বিহু নাম
চেনাই অ’
চেনাই অ’
বাঁহী বাঁহী
বুকু বিষায় ।
বিষায়নে ?
বিষায়নে ?
ওঁহো,
তুমি নাজানা
সেইয়াই যে ভালপোৱা আছিল।

বাহনি তলিত আইতা জ্বলি জ্বলি শেষ হোৱাৰ দিনা
তুমি তোমাৰ নঙলামুখত ৰৈ
মই গছৰ পাত সৰুৱাই কন্দা চাই আছিলা
একেই আছিল চকু
উদাস
নির্লিপ্ত
নিৰস ।

আজি আচৰিত কৰি সুধিলা
বহাগ কি ?
বহাগ কি ?
এখন ৰঙা ৰুমাল
এজাক বৰষুণ
এটা নতুন ছোলা
এটা নতুন গছৰ পাত
তোমালৈ বুলি এখন নতুন হাত
এটা নতুন শপত
ফাগুন হ’ব নোৱাৰিলো
তোমাৰ বাবেই এদিন বহাগ হৈ গজিম
বসন্ত হৈ ফুলিম
তোমাৰ বাবেই
কথা দিলো ।