জন্ম (The Birth)
এখন আকাশে উচপিচায়
সুখ,
নে যন্ত্রণা ?
বট গছৰ পায়চাৰি
দুঃচিন্তা?
বতাহে জুৰায় আছে নদীখন
উন্মাদ , উচ্ছল ।
যাও বুলিও যোৱা নাই পূৱতী তৰা,
শংকা ।
এক ছন্দ
নিয়ৰ ।
হর্থাত্ এক চিঞৰ,
চৰাইৰ ।
গালে-মুখে তেজ সনা এটা বেলি
শিক্ত পাহাৰত মুখ গুজি নিৰৱ
ৰঙা হোৱা নদী নিৰৱ,
শান্ত, তৃপ্ত
আস্বস্ত বট ।
চৰাই প্রফুল্ল
বতাহ শান্ত ছন্দোময়
আকাশ বিস্তির্ণ
পৃথিৱীৰে খেলি থাকে এটা বেলি
নদীয়ে সাৱতে নিতে।
ইউকেলিপ্টাচ গছে ন পাত বিছাৰে ।
No comments:
Post a Comment