Sunday, January 15, 2012

… যিখন চহৰ মোৰ আপোন আছিল…

… যিখন চহৰ মোৰ আপোন আছিল…

যিখন চহৰ মোৰ আপোন আছিল
একান্তই ভালপায় পেলাইছিলো
তোমাক লগ পায়ছিলো
তোমাৰ খৰিকাজাঁই যেন হাঁহিত
মতলীয়া হৈছিলো
দুয়ো চাকৈ-চকোৱাৰ দৰে আছিলো
সেইখন চহৰত তোমাতকৈ আগত মই
আইক লগ পাইছিলো।
আইৰ জুৰণীয়া আঁচলৰ বা-ত
আপোন-পাহৰা হৈছিলো
নিজকে লুকুৱায় থৈছিলো...

চহৰখনৰ নিয়ন চাকীবোৰে
মই গ’লেই চকু টিপিয়াই আদৰিছিল
আৰু গছৰ পাতৰবোৰে
খিল-খিলাই হাঁহিছিল
নীৰৱে চায় আছিল
টেলীফোনৰ খুটাবোৰে
ভেকুলী আৰু ঝিলীৰ মাতে
গীতৰ সভা পাতিছিল
জুৰ-জুৰায় সৰিছিল ভালপোৱাৰ টোপাল,
চকুৰ পানী মচি দিয়া হৈছিল
মুঠতে এখন সুখৰ চহৰ আছিল...

আজিও আছে সেইখন চহৰ
চহৰৰ হাঁহি-কান্দোন  উল্লাস- বিষাদ
সেই বিশেষ ঠাইবোৰ...
মাথো তুমি নাই
আইৰ আঁচল আছে
আজি যেন সেই উত্তাপ নাই
সেই আকাশ নাই
তোমাক আৰু মোক সুহুৰিয়াই জোকোৱা
সেই বতাহ নাই
খৰিকাজাঁই আছে
সেই বিশেষ সুবাস নাই
আজি যেন একো নাই...!

পিচলৈ এবাৰো ঘুৰি নোচোৱাকৈ
আজি এৰি আহিছো সেই চহৰ
য’ত প্রথম লগ পাইছিলো তোমাক
মোৰ আইক
আৰু বহুতক
আজি যেন সকলো থাকিও একো নাই
মোৰ প্রেমৰ চহৰত ভালপোৱা নাই
আজি একো নাই
একোৱেই নাই
কান্দি যাব পৰাকৈ ভালপোৱা সেই চহৰত আজি
আজি একো নাই
একো নাই...!

No comments: